ভয়ংকৰ!কোন দিশে গতি কৰিছে আজিৰ সমাজ ব্যৱস্থাই?
ডিজিটেল সংবাদ, ৰঙিয়াঃ শ্ৰেণী কোঠাত ছাত্ৰীৰ বস্ত্ৰ খুলিলে শিক্ষক জিন্নাতুল ইছলামে।
কামৰূপৰ 203 নং লাচি বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ ঘটনা।
এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে কামৰূপৰ লাচি বিষ্ণুপুৰ গাওঁত।
এগৰাকী ছাত্ৰীৰ শ্ৰেণী কোঠাত কাপোৰ খুলিব দি বিতৰ্কিত সোমাই পৰিল জিন্নাতুল ইছলাম নামৰ শিক্ষক এগৰাকী।
পঞ্চম মান শ্ৰেণীৰ ছাত্ৰী এগৰাকীক এনে নিকৃষ্ট মানসিকতাৰ পৰিচয় দাঙি ধৰাত জাঙুৰ খাই উঠিল অভিভাৱক সকল।
হাতে হাতে প্লে কাৰ্ড লৈ ৰঙিয়াৰ ৰাজপথত প্ৰতিবাদী সমদল কৰি ৰাজপথত জিন্নাতুল ইছলামৰ প্ৰতিমূৰ্তি দাহ ।
জিন্নাতুল ইছলামৰ বিৰুদ্ধে কঞা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল ছাত্ৰী গৰাকীৰ পিতৃ মাতৃয়ে এজাহাৰ দাখিল কৰাৰ পিছতো এতিয়াও পলাতক শিক্ষক গৰাকী । সকলোৰে দাবী, সুৰক্ষা দিয়ক যুৱতী মহিলাক । শীঘ্ৰে গ্ৰেপ্তাৰ কৰক লম্পট প্ৰধান শিক্ষক জিন্নাতুল ইছলামক ।